আকৌ সপোনজাক;
একেই,
কালিৰ দৰে;
পৰহিৰ দৰে;
সদায়ৰ দৰে।
পাতল কাজলেৰে
তাইজনি,
মোৰ গাৰুৰ কাষত;
পাতল অথচ পুৰণি,
হাইলাইট কৰা
ভি আকৃতিৰে
আধুনিক কৰিব বিচৰা চুলিটাৰিয়ে
অৰ্ধমুখ ঢাকি ৰাখিছে।
উলংগ;
দুয়োৰে নাঙঠ আত্মা,
মিলন হব বিচৰা সপোনবোৰ;
সমগ্ৰ কোঠা ৰোমান্টিক কৰা,
তাইৰ পাতল অথচ ডাঠ
দামী ব্ৰেন্ডৰ
পাৰফিউমৰ গোন্ধ।
তাইৰ পাতল গোলপীয়া,
কিচ্ প্ৰোফ লিপষ্টিক;
এটি মাত্ৰ চুম্বনৰ অপেক্ষাত।
তাইৰ সৌন্দৰ্যতা বঢ়াই তোলা,
কপালৰ এচুকৰ তিলটো;
সকলোবোৰে কৰি তুলিছে
মোৰ বাবে তাইক;
এগৰাকী;
পাৰফেক্ট সপোনকোঁৱৰী।


0 Comments