"আচলতে তাই বৰ বেলেগ নহয়; আন ছোৱালীৰ দৰেই, হাঁহি ভাল পোৱা। সেই গুলপীয়া ভালপোৱা, অভিমানী ছোৱালী জনীৰ প্ৰেমত পৰিছিলো অজানিতে। তাইৰ কাজলবোৰ ভাল লাগিছিল; প্ৰসাধনবিহীন মুখ খনত কাজল অঁকা চকুহালেই যেন তাইক কৰি তুলিছিল সেই জিলিকি থকা পখিলাজনি। তাই প্ৰায়েই ওঁঠ দুপাহিত লিপষ্টিক পিন্ধিছিল। প্ৰায় পাতলকৈ পিন্ধি থকা, তাইৰ প্ৰিয় ৰঙটোৰ পদুম ওঁঠৰ ভাজবোৰে দি যোৱা প্ৰেমৰ ইংগিতবোৰ তাহানিৰ পৰাই সজীৱ। বৰ বেছি আধুনিক হব নিবিচৰা তাইজনীৰ বতাহত ঢৌ খেলা চুলিটাৰিৰ আকুলতাই আজিও হাঁওফাঁওৰ স্পন্দন তীব্ৰ কৰে প্ৰায়েই। তাই নজনাকৈয়ে কপালৰ এচুকৰ তিলটোৰ সৌন্দৰ্য্যতাই ফৰকাল কৰি তোলা মইটোৰ কমদামী কলমৰ চিয়াঁহী শেষ হ'বৰে হ'ল। তাই হয়তো নাজানেই মোৰ আটাইতকৈ প্ৰিয় সেই তিলটোৱেই তাইক আৰু শুৱনি কৰি তোলে"।