ময়ো যদি হলো হয় কবি
লিখিলো হয় প্ৰেমৰ কবিতা
মোৰ প্ৰতি কবিতাৰ নায়িকা হলা হয়
তুমি
শিৰোনামা হল হয় "তোমাৰ বাবে";
প্ৰতি কবিতাত থাকিল হয়
তোমাৰ কাজলতৰা চকুহাল
প্ৰসাধনবিহীন মুখনি
পাতল লিপস্টিকেৰে দুপাহি ওঠ
আৰু
তোমাৰ মুখনিৰ সৌন্দৰ্যতা ফুটাই তোলা
সৌ কপালৰ এচুকত থকা
তিলটোৰ
সঠিক বিৱৰণ।