শব্দবোৰ আকৌ
গৰ্ভৱতী
হব;
আকৌ
জন্ম হব,
কাৰোবাৰ
বাবে
শব্দৰ
সাগৰ।
বিচাৰিও
আকৌ আগৰদৰেই;
অকলশৰে
সাঁতুৰি
থকা
শব্দৰ
সাগৰখনো
তাই
যৌৱনতাত মোহিত।
শব্দৰ
প্ৰতি গাঁথনিয়ে অঁকা,
তাইজনিৰ;
চিনাকী
ছবিবোৰেই
মোৰ
বাবে আজি
নতুন
প্ৰেম।
সেই
প্ৰেম;
যাৰ
আৰম্ভণি হৈছিল,
সেই
তাইজনিৰ
অকৃত্ৰিম
হাঁহিটোৰ
পৰাই।
অচিনাকী
হাঁহিটোকেই
আপোনতাৰ
নাম দি
আঁকিছিলো
সদায়
সপোনত
নব্য
ছবি।


0 Comments