মাথো চাই ৰৈছিলো নীলাবোৰলৈ। অকৃত্ৰিমভাৱে ভাল লাগে
তোমাৰ লগত জড়িত প্ৰতিটো ৰং। হয়টো তুমিবোৰ প্ৰিয় হোৱাৰো কাৰণ হ'ব পাৰে। তোমাৰ সৌন্দৰ্যৰ
অযথা শপতৰ আশ্ৰয় নলওঁ মই, বিশ্বাস কৰা সেইদিনা তোমাক বৰ ধুনীয়া লাগিছিল। আকৰ্ষিত কৰিব
পৰা প্ৰতি অংগৰ অনুভূতিবোৰে সেইদিনা সপোনবোৰত স্হান দিছিল নতুনত্বৰ। শুনানা, তোমাৰ
কাজলৰ পাতল টুপুলাবোৰে তোমাৰ সৌন্দৰ্যবোৰ আৰু বঢ়াই তুলিছিল। মাথো সদায় কথা পাতিব বিচাৰো
মোবাইলৰ ফটোবোৰৰ লগত। বিশেষ হাঁহিটোৰ কথাৰে পৃষ্ঠা শেষ নকৰো আজি, মাথো এটাই কথা তুমিবোৰ প্ৰিয় সদায়।


1 Comments
Oi add show nai hua j
ReplyDelete